যোৰহাট লিচুবাৰীৰ পৰ্যবেক্ষণ গৃহত মুৰ্গী পোৱালী বিতৰণ


23/06/2022 23:15:25 PM   Moutushi         57







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
যোৰহাট
: যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সহযোগত আজি লিচুবাৰীস্থিত পৰ্যবেক্ষণ গৃহ( Observation Home for boys)ত মুৰ্গী পোৱালী বিতৰণ কৰা হয় ৷ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ নিৰ্দেশ ক্ৰমে অতিৰিক্ত উপায়ুক্ত কবিতা কাকতী কোঁৱৰে পৰ্যবেক্ষণ গৃহত থকা কিশোৰসমূহক মুৰ্গী পোৱালী বিতৰণ কৰে৷উক্ত অনুষ্ঠানত জিলা কুকুৰা ফাৰ্মৰ পৰিচালক ডা: চৰোৱাৰ চাদেৰে বৈজ্ঞানিক পদ্ধতিৰে মু্ৰ্গী পালনৰ সন্দৰ্ভত এক প্ৰশিক্ষণও প্ৰদান কৰে৷ গৃহটোৰ সৰহ সংখ্যক ল'ৰাই মুৰ্গী পালনৰ প্ৰতি আগ্ৰহ প্ৰদান কৰা দেখা যায়৷ উল্লেখযোগ্য যে, জিলা উপায়ুক্তগৰাকীয়ে গৃহটোৰ কিশোৰসকলে নিজে উপাৰ্জন কৰি আত্মনিৰ্ভৰশীল হ'বলৈ প্ৰেৰণা যোগোৱাৰ অৰ্থে এনেকুৱা পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে৷ উক্ত গৃহৰ পৰা যোৱাৰ পিছত উপাৰ্জনৰ পথ বিচাৰি নাপাই ল'ৰাবোৰ টকাৰ কাৰণে বিপথে পৰিচালিত হ'ব পাৰে৷সেয়ে তেওঁলোকক নিজে কৰ্ম কৰি চলিবলৈ শিক্ষা দিয়া আৰু সুবিধা প্ৰদান কৰাটো আমাৰ দায়িত্ব বুলিও উপায়ুক্ত গৰাকীয়ে জনায়৷ জিলাখনৰ বিভিন্ন প্ৰান্তত নিৱনুৱা যুৱক যুৱতীসকলক কৰ্ম সংস্থাপনৰ বাট দেখুৱালৈ জিলা উপায়ুক্তই চেষ্টা চলাই আহিছে৷ ইতিমধ্যে উপায়ুক্ত গৰাকীৰ তৎপৰতাত বহু স্থানত হাঁহ, কুকুৰা, ছাগলী আদিৰ পোৱালী বিতৰণৰ কাৰ্যসূচী সম্পন্ন হৈছে৷ আজিৰ অনুষ্ঠানত সহকাৰী আয়ুক্ত পৰিনীতা চক্ৰৱৰ্তী, পৰ্যবেক্ষণ গৃহটোৰ অধ্যক্ষা দিব্যা দেউৰীৰ লগতে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :