বাক্সাৰ পূৱ ছাফাকামাৰত ডাম্পাৰৰ খুন্দাত এজন নিহত


23/06/2022 23:18:59 PM   Moutushi         56







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
বাক্সা
: :বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত পূৱ ছাফাকামাৰত আজি এক ভয়ংকৰ পথ দূৰ্ঘটনাত ৰাতুল দাস (৩২) নামৰ এজন লোক থিতাতে নিহত হৈ পৰে৷দ্ৰুতবেগী এখন ডাম্পাৰে মহুতিয়াই নিয়াৰ ফলতেই ৰাতুল দাস (৩২) নামৰ যুৱক জন নিহত হৈ পৰে বুলি স্থানীয় লোকে মত পোষণ কৰে ৷
 বৰপেটাৰোডৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ পূৱ ছাফাকামাৰত সংঘটিত হৈছে এই ঘটনা৷ এই ঘটনাত সমগ্ৰ অঞ্চলতেই এক হুৱা দুৱা পৰিৱেশৰ সৃষ্টি হয় ৷পিছত ঘটনাস্থলিত গোৱৰ্দ্ধনা আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷আনহাতে ডাম্পাৰ খনৰ নম্বৰ 9939 প্ৰত্যেক্ষ কৰা বুলি স্থানীয় লোকে মন্তব্য কৰিছে৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :