কাৰ্বি আংলং সায়ত্ব শাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন


23/06/2022 23:21:13 PM   Moutushi         49







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
ডিফু
: কাৰ্বি আংলং সাযও শাসিত পৰিষদৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাসী সদস্যৰ তুলিৰাম ৰংহাঙৰ পৌৰোহিত্যত আজি ডিফু ৰ টাউন হ'লত উৎসাহ উদ্দীপনা ৰ মাজেৰে 71 সংখ্যক কাৰ্বি আংলং সাযক্ত শাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অসমৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী তথা অভিভাৱক মন্ত্ৰী যোগেন মোহনে বৰ্নাঢ্য অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেঁও পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ উপলক্ষ্যে আগবঢ়োৱা ভাষণত কয়- কাৰ্বি আংলং সাযক্ত শাসিত পৰিষদলৈ 8 টাকৈ নতুন বিভাগ হস্তান্তৰ কৰিবলৈ অসম চৰকাৰে যাবতীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ অসমত পুনৰ চাৰি টা নতুন জিলা গঠন কৰা হব বুলি উল্লেখ কৰি মন্ত্ৰী মোহনে আত্ম নিৰ্ভৰশীল কাৰ্বি আংলং গঢ়িবলৈ কাৰ্বি আংলং সাযক্ত শাসিত পৰিষদৰ সদস্য সকলক আহবান জনায়। পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ এটা অংশ হিচাপে 2022 বৰ্ষৰ খৰছিং তেৰাং সোৱৰণি বটাঁ, লাংকুং হাবে সোৱৰণি বটাঁ আৰু ছেমচন ছিং ইংতি সোৱৰণিৰ বটাঁ ক্রমে ছাৰছিং তকবি, ৰয় ইংহি আৰু ধৰম ছিং টেৰনক অতিথি সকলৰ যোগেদি প্ৰদান কৰা হয়। পৰিষদৰ অন্তৰ্গত বিভিন্ন চৰকাৰী বিভাগত সেৱা আগবঢ়োৱাৰ শ্রেষঠ কৰ্মচাৰী সকলকো বটাঁ প্ৰদান কৰা হয়। অসমৰ আন এগৰাকী মন্ত্ৰী নন্দিতা গাৰলোছাৰ উপৰি বিধান সভাৰ উপাধ্যক্ষ নোমল মমিন, সাংসদ হৰেন ছিং বে,বিধায়ক বিদ্যাছিং ইংলেং , দৰছিং ৰংহাং, পৰিষদৰ মুখ্য সচিব মুকূল কুমাৰ শইকীয়া আৰু গন্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :