চোৰাং ব্যৱসায়ৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি উঠিছে বৰপেটা জিলাত


26/06/2022 13:49:42 PM   Moutushi         40







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ম্যানমাৰৰ পৰা চলি থকা সোণৰ আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি উঠিছে বৰপেটা জিলাত ৷ জিলাখনৰ এচাম অসাধু লোক জড়িত হৈ আছে এই ব্যৱসায়ৰ সৈতে ৷ বৰপেটাত গঢ়ি উঠা এই নেটৱৰ্কৰ বিৰুদ্ধে অভিযান চলাই বৰপেটা আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷

বৰপেটা সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ দল এটাই আজি অভিযান চলাই সোণৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে চোৰ ধৃত চোৰাং ব্যৱসায়ীজনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা সোণৰ চোৰাং ব্যৱসায়ীজন বৰপেটাৰ বানিয়াৰা পাৰাৰ ছাহজামাল ওৰফে ছাহজাহান বুলি জানিব পৰা গৈছে ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        large network smuggling formed Barpeta district