06/07/2022 12:20:04 PM Moutushi 32
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
কেইদিনমান পূৰ্বে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ পিছত এইবাৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে। বুধবাৰৰ পুৱাৰে পৰা ঘৰুৱা ৰন্ধন গেছৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। ইণ্ডিয়ান অইলে শেহতীয়াকৈ প্ৰকাশ কৰা মতে ৰাজ সাহায্যবিহীন ১৪.২ কেজি চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে।
ফলত দিল্লীত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১০০৩ টকাৰ পৰা ১০৫৩ টকাৰৈ বৃদ্ধি হৈছে। একেদৰে গুৱাহাটীত প্ৰতিটো ৰাজসহায্য বিহীন ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ১১০২ টকালৈ বৃদ্ধি হ’ল। কলকাতাত ১০৭৯ টকা, মুম্বাইত ১০৫২ আৰু চেন্নাইত ১০৬৮ টকালৈ বৃদ্ধি হৈছে চিলিণ্ডাৰৰ মূল্য।