পুনৰ বৃদ্ধি পালে জীৱন দায়িনী ঔষধৰ মূল্য


06/07/2022 13:21:40 PM   Moutushi         38







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
পুনৰ বৃদ্ধি পালে জীৱন দায়িনী ঔষধৰ মূল্য। মুঠ ৮৪ বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধিৰ সিদ্ধান্তত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ বিভাগৰ অধীনস্থ নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে অনুমোদন জনাইছে। মূল্য বৃদ্ধি হোৱা এই ৮৪ বিধ ঔষধৰ ভিতৰত আছে উচ্চ ৰক্তচাপ প্রতিষেধক ঔষধ, বহুমূত্র বা ডায়েবেটিছ ৰোগৰ ঔষধ, পেইনকিলাৰ আৰু এন্টিবায়’টিক।

অৱশ্যে ব্যক্তিগত ঔষধ প্রস্তুতকাৰী কোম্পানী বা বিতৰকৰ ঔষধৰহে মূল্যৰ সাল-সলনি হ’ব বুলি এন পি পি এৰ বিজ্ঞপ্তিত প্রকাশ। আজি মূল্য বৃদ্ধি ঘটোৱা ঔষধ প্ৰস্তুতকাৰী কোম্পানীসমূহৰ ভিতৰত আছে ছান ফার্মা, এলকেম জাইদাছ হেল্থকেয়াৰ, একামছ ড্ৰাগছ এণ্ড ফাৰ্মাচিউটিকেলছ, গ্লেনমার্ক ফার্মাচিউটিকেল, টৰেণ্ট, হেটেৰ’ মাইক্ৰ’লেব আৰু অন্যান্য কোম্পানী।

ঔষধ নিয়ন্ত্ৰকৰ জাননীত কোৱা হৈছে যদিহে নিৰ্ধাৰিত মূল্যত কোম্পানীসমূহে ঔষধ বিক্ৰী নকৰে তেন্তে কোম্পানীসমূহে সুতসহ অতিৰিক্ত ধন গ্ৰাহকক ঘূৰাই দিবলৈ বাধ্য। ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰ্তৃপক্ষই দিয়া নিৰ্দেশ অনুসৰি হৃদৰোগ আৰু বহুমূত্ৰ ৰোগৰ ঔষধ এটৰভাষ্টেটিন আৰু ফেনুফাইব্রেট টেৱলেটৰ প্ৰতিটোৰ মূল্য ১৩.৮৭ টকাৰ অধিক হ’ব নোৱাৰিব। একেদৰে হৃদৰোগ আৰু ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত অলমেটাৰ্টন প্লাছ, মেডস্ক মিল প্লাছ, এমল’ডিপাইন প্লাছ, হাইড্ৰ’ক্ল’ৰথিয়াজাইডৰ প্ৰতিটো টেবলেটৰ দাম হ’ব ১২.৯১ টকা।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        price life responsible medicines increases again