24/07/2022 16:34:46 PM Moutushi 2684
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ৰাষ্ট্ৰপতি হিচাপে আজি অন্তিম দিন ৰাম নাথ কোবিন্দৰ। ২০১৭ চনৰ ২৫ জুলাইত দেশৰ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰা ৰামনাথ কোবিন্দে আজি ৰাষ্ট্ৰপতিৰ পদ ত্যাগ কৰাৰ বিপৰীতে কালিলৈ অৰ্থাত ২৫ জুলাই সোমবাৰে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপত গ্ৰহণ কৰিব।
ৰাষ্ট্ৰপতি হিচাপে সফলতাৰে কাৰ্যকাল শেষ কৰা ৰাম নাথ কোবিন্দৰ সন্মানত শনিবাৰে সংসদ ভৱনত বিদায়ী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰাম নথ কোবিন্দে তেওঁৰ অন্তিম ভাষণ আগবঢ়ায়। ভাষণত তেওঁ দেশৰ কোভিড মহামাৰীৰ সময়ৰ কথা উল্লেখ কৰি জনসাধাৰণক চৰকাৰে খাদ্য-সামগ্ৰী যোগান ধৰাৰ কথা কয়।
তেওঁ কয় যে- আজি মোৰ হৃদয় গতিশীল হৈ আছে। মই মোৰ কৰ্তব্যবোৰ মোৰ সামৰ্থ্য অনুসৰণ কৰিলোঁ। মই দেশৰ সেৱা কৰাৰ সুযোগ পোৱাৰ বাবে দেশবাসীৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। আজি দেশ উন্নয়নৰ পথত আছে, বিৰোধী দলবোৰেও জাতি আৰু পাৰিবাৰিক ৰাজনীতিৰ উৰ্ধত উঠিব লাগিব।