লোকগীত আৰু অসমীয়া চিৰসেউজ গীত’ৰ কৰ্মশালা


25/07/2022 12:38:42 PM   Moutushi         580







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বোকাখাতৰ অগ্ৰনী অনুষ্ঠান প্ৰয়াস অধ্যয়ন চক্ৰৰ অন্যতম অংগ প্রয়াস সংগীত কলা অকাডেমীৰ উদ্যোগত যোৱা ১৮ জুলাইৰ পৰা বোকাখাত জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈ থকা ‘লোকগীত আৰু অসমীয়া চিৰসেউজ গীত’ৰ কৰ্মশালাখনিৰ দেওবাৰে সামৰণি পৰে। অসমীয়া সংস্কৃতিৰ ৰহঘৰা স্বৰূপ লোকগীতসমূহ তথা অসমীয়া চিৰসেউজ সোণসেৰীয়া গীতসমূহ নৱ প্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখিয়েই প্ৰয়াস সংগীক কলা অকাডেমীয়ে মুঠ ৩৮ গৰাকী ন-শিকাৰুৰ মাজত উক্ত কৰ্মশালাখন আয়োজন কৰিছিল।

কৰ্মশালাটোত শিকাৰুসকলক প্ৰশিক্ষণ প্ৰদান কৰে অসমৰ স্বনামধন্য লোকগীতৰ সাধক-গৱেষক ৰুমী শ‍ইকীয়া আৰু পদ্ধতিগত আৰু নিৰৱচ্ছিন্নভাৱে সংগীত সাধনা কৰি থকা নৱপ্ৰজন্মৰ সংগীত শিল্পী নীলোৎপল গায়নে।দেওবাৰে কৰ্মশালটোৰ সামৰণি উপলক্ষে আয়োজন কৰা বিশেষ সাংস্কৃতিক অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভ আৰম্ভণী কৰে বিশিষ্ট লেখিকা, সংগঠক তথা প্ৰয়াসৰ সভাপতি নিজৰা বৰঠাকুৰে লগতে আদৰণি ভাষন আগবঢ়াই প্ৰয়াসৰ মুখ্য সম্পাদক সোনেশ্বৰ নৰহে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Folk songs Assamese evergreen song workshops