দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মুৱে


25/07/2022 12:41:11 PM   Moutushi         2901







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মুৱে। নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীক্ষ এন ভি ৰমন্নাই শপত বাক্য পাঠ কৰাই। সংসদৰ চেন্ট্ৰেল হলত অনুষ্ঠিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত শপত বাক্য পাঠ কৰাৰ পিছতে ৰাষ্ট্ৰপতি হিচাপে দেশবাসীক সম্বোধন কৰে দ্ৰৌপদী মুৰ্মুৱে।

দেশবাসীক সম্বোধন কৰি তেওঁ কয়- মই দেশৰ প্ৰথম ৰাষ্ট্ৰপতি যি স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰিছো। স্বাধীন ভাৰতৰ নাগৰিকসকলৰ সৈতে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে যি আশা ৰাখিছিল সেয়া পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব লাগিব।

ইয়াৰ উপৰিও তেওঁ কয়- ৰাষ্ট্ৰপতি পদত উপনীত হোৱাটো মোৰ ব্যক্তিগত সাফল্য নহয়, ই হৈছে ভাৰতৰ প্ৰতিজন দৰিদ্ৰ লোকৰ কৃতিত্ব। ৰাষ্ট্ৰপতি হিচাপে মোৰ মনোনয়নেই প্ৰমাণ কৰে যে ভাৰতৰ দৰিদ্ৰ সকলে কেৱল সপোনই নহয়, সেই সপোনবোৰো পূৰণ কৰিবও পাৰে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Draupadi Murmu sworn 15th President country