26/07/2022 13:17:14 PM Moutushi 2701
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
আজি কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধত ভাৰতে পাকিস্তানক উচিত শিক্ষা দি উৰুৱাইছিল বিজয়ৰ ধ্বজা। তেতিয়াৰ পৰাই প্ৰতি বছৰৰ ২৬ জুলাইৰ দিনটোক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে।
পাকিস্তানৰ বিৰুদ্ধে দেশ মাতৃক ৰক্ষা কৰিবৰ বাবে যুদ্ধত নামি পৰা দেশৰ বহু বীৰ জোৱান ছহিদ হৈছিল। প্ৰায় দুমাহ ধৰি চলা এই যুদ্ধক ভাৰতীয় সেনাৰ এই অভিযানক নাম দিয়া হৈছিল অপাৰেচন বিজয়। কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি শীৰ্ষ নেতাসকলে টুইটাৰৰ জৰিয়তে অভিনন্দন জ্ঞাপন কৰিছে।