বাল্য বিবাহক লৈ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত বিস্ফোৰক তথ্য


27/07/2022 11:38:38 AM   Moutushi         2541







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বাল্য বিবাহক লৈ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত বিস্ফোৰক তথ্য । ২০১৯-২০ বৰ্ষত ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ এক প্ৰতিবেদন মতে দক্ষিণ শালমাৰা মানকাচৰ জিলাত ইতিমধ্যে সম্পন্ন হোৱা মুছলিম বিবাহৰ ৪৪.৫ শতাংশ বিবাহ বাল্য বিবাহ বুলি প্ৰকাশ পাইছে। এই ঘটনাক লৈ জিলা খনত যোৱা ১৯ জুলাই তাৰিখে জিলা প্ৰশাসনৰ উদ্ধোগত মুঠ ২৬ টা বিভাগৰ মুৰব্বী সকলক লৈ এখন জৰুৰী সভা অনুষ্ঠিত হয়।

এই সভাখনৰ জৰিয়তে জিলা প্ৰশাসনে বাল্য বিবাহ বন্ধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জিলা খনত এতিয়াৰ পৰা চৰকাৰী কাজীৰ বাহিৰে কোনো ব্যক্তিগত কাজী, ইমাম বা কাজীৰ এজেন্ট সকলে মুছলিম বিবাহ কৰাব নোৱাৰিব। জিলা খনত তিনি গৰাকী চৰকাৰী কাজী আছিল যদিও বাল্য বিবাহৰ লগত জড়িত দুজন চৰকাৰী কাজীক ইতিমধ্যে জিলা প্ৰশাসনে নিলম্বন কৰিছে।

বৰ্তমানে জিলা খনত মাত্ৰ এজন চৰকাৰী কাজী আছে। মৌলানা আবুল কালাম কাচিমী নামৰ কাজী জনে জিলা খনৰ ৩৫ খন গাঁও পঞ্চায়ত এলেকাত বিবাহ কৰোৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হৈছে। জিলা খনত এদিনত অধিক বিবাহ কৰোৱাটো এজন কাজীৰ বাবে সম্ভৱ নহয়।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Explosive information National Family Health Survey Child Marriage