স্মাৰ্ট ৱটৰ” বুলি “স্কাৰ্ফি ৱাটাৰ”ৰ প্ৰবল চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এটা বিশুদ্ধ খোৱা পানী কোম্পানী


28/07/2022 13:18:02 PM   Moutushi         42







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
স্মাৰ্ট ৱটৰ” বুলি “স্কাৰ্ফি ৱাটাৰ”ৰ মুকলি বেহা মেলি প্ৰবল চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এটা বিশুদ্ধ খোৱা পানী কোম্পানী । মূলতঃ বিষয়টো চৰ্চালৈ আহিছে জনস্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি মাতি আনি ” স্মাৰ্ট ৱটৰ” নামৰ এটা বিশুদ্ধ (?) খোৱা পানীৰ কোম্পানীয়ে চলোৱা দূষিত পানীৰ মুকলি বেহাকলৈ ।

ঢকুৱাখনা মহকুমাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত লখিমপুৰ জিলাৰ টাউন বানতৌ প্ৰচেছিং ইউনিতৰ পৰা যোগান ধৰি আহিছে এই পেকেজ ড্ৰিংকিং ৱাটাৰ কোম্পানীটোৱে । সেই অনুক্ৰমে কোম্পানীটোৱে ঢকুৱাখনা মহকুমাৰ মৰনৈ বেবেজিয়া অঞ্চলৰ বেবেজিয়া চাৰিআলিতো এই স্মাৰ্ট ৱটৰ (ৱাটাৰ নহয়) বিক্ৰী কৰি আহিছে খুচুৰা বিক্রেতাৰ জৰিয়তে।

কিন্তু বুধবাৰে এই তথাকথিত বিশুদ্ধ”স্মাৰ্ট ৱটৰ”ৰ বটলত উদ্ধাৰ হল গেদ সদৃশ কিছু অখাদ্য দ্ৰব্য । বেবেজিয়া চাৰিআলিৰ এগৰাকী স্বাস্থ্য সচেতন ব্যৱসায়ী বিপ্লৱ চুতীয়াই বুধবাৰে পুৱা চিৰাচৰিত ভাবে সমীপৰ এখন দোকানৰ পৰা এই স্মাৰ্ট ৱটৰৰ এক লিটাৰ বটল ক্ৰয় কৰি পান কৰোতেই পানীত দৃশ্যমান হয় কলা আৰু ধোঁৱা বৰণৰ অগণন গেদ । লগে লগেই বিক্রেতা দীপ্তি নাথক অভিযোগ দি অন্য এটা বটল ক্ৰয় কৰি নিৰীক্ষণ কৰোতে পুনৰ এনে ভয়ংকৰ অস্বাস্থ্যকৰ দ্ৰব পৰিলক্ষিত হয় ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        pure drinking water company focus strong talk "Scarfi Water"