চিৰাংত “উজ্জ্বল ভাৰত – উজ্জ্বল ভৱিষ্যত” শক্তি


29/07/2022 12:27:05 PM   Moutushi         2340







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
দেশৰ স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ উপলক্ষ্যে সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে “আজাদী কা মহোৎসৱ” । আৰু এই “আজাদী কা মহোৎসৱ” ৰ লগত সঙ্গতি ৰাখি দেশৰ শক্তি মন্ত্ৰালয় আৰু নৱীন আৰু নৱীকৰণ শক্তি মন্ত্ৰালয়ৰ সৌজন্যত চিৰাং জিলাৰ চিদলী ৰাজহচক্ৰৰ মৈৰাঝোৰা গাঁৱত “উজ্জ্বল ভাৰত – উজ্জ্বল ভৱিষ্যত” – শক্তি – ২০৪৭ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

আজিৰ এই “উজ্জ্বল ভাৰত – উজ্জ্বল ভৱিষ্যত” শক্তি – ২০৪৭ শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে মুলতঃ সৰ্ব সাধাৰণ ৰাইজৰ মাজত শাসনাধিষ্ঠিত চৰকাৰৰ বিগত আঠ বছৰত শক্তিখণ্ডৰ সফলতাৰ দিশ সমূহ আলোকপাত কৰাৰ চেষ্টা কৰা হৈছে । তদুপৰি আজিৰ এই অনুষ্ঠানৰ জৰিয়তে ৰাইজক পৰম্পৰাগত বিজুলী শক্তিৰ ব্যৱহাৰৰ সলনি বৈকল্পিক শক্তি হিচাপে নৱীন নৱীকৰণ শক্তি যেনে সৌৰশক্তি, বায়ুশক্তি আৰু সুক্ষ্ম জলবিদ্যুত ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        India Bright Future strength Sirang