30/07/2022 17:13:49 PM Moutushi 2300
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৩০ জুলাই শনিবাৰে চণ্ডিগড়ত অনুষ্ঠিত হ’বলগীয়া ‘ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা’ শীৰ্ষক সন্মিলনত ভাষণ আগবঢ়াব। সমান্তৰালকৈ দাহন কৰা হ’ব ৩০ হাজাৰ কেজি ড্ৰাগছ।
এই সন্মিলনত উপস্থিত থাকিব হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ লগতে চণ্ডিগড়ক প্ৰশাসক, বি এছ এফ, নিয়া, আৰু এন চি বিৰ শীৰ্ষ বিষয়াসকল। ইয়াৰ উপৰিও সন্মিলনত উপস্থিত থাকিব সংশ্লিষ্ট ৰাজ্য সমূহৰ এ এন টি এফৰ মূৰব্বী আৰু এন চি আৰ ডিৰ সদস্যসকলে।
উল্লেখ্য ড্ৰাগছ সৰবৰাহ আৰু এই সংক্ৰান্তত সুৰক্ষামূলক ব্যৱস্থা সন্দৰ্ভত এয়াই হ’ব প্ৰথমখন সন্মিলন য’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিভিন্ন ড্ৰাগছ এনফৰ্চমেণ্ট এজেঞ্চী সকলো একেখন মঞ্চত একত্ৰিত হ’ব। উল্লেখ্যে যে, এই সন্মিলনৰ মাজতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত দেশৰ চাৰিটা পৃথক স্থানত এন চি বিৰ দলে ৩০ হাজাৰ কিলোগ্ৰামৰো অধিক ড্ৰাগছ তথা নিচাজাতীয় ঔষধ দহন কৰিব।