01/08/2022 17:31:56 PM Moutushi 21
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
সংসদৰ বৰ্ষাকালীন অধিৱেশনত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিৰোধী সাংসদ সকলৰ প্ৰতিবাদৰ মাজতে সোমবাৰে হ্ৰাস পালে ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য । দেশত সোমবাৰৰ পৰা ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩৬ টকা হ্ৰাস পাইছে ।
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱাতেলৰ মূল্য হ্ৰাস পোৱাৰ ফলত হ্ৰাস পাইছে ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য । ইয়াৰ ফলত হোটেল , ৰেষ্টোৰা আদিৰ লগত জড়িত ব্যক্তি সকল উপকৃত হ’ব । অবশ্যে এই পৰ্যন্ত ঘৰুৱা চিলিণ্ডাৰৰ মূল্যত কোনোধৰণৰ পৰিবৰ্তন হোৱা নাই