01/08/2022 17:42:19 PM Moutushi 17
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
আজিৰে পৰা বৃদ্ধি পালে গাখীৰৰ মূল্য।
প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি পালে ৪ টকাকৈ।
খুঁটিট দুগ্ধ পালকসকলে প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি কৰিলে ৪ টকাকৈ।
গুৱাহাটী দুগ্ধ ব্যৱসায় সন্থাই এই মূল্য বৃদ্ধিত জনাইছে সমৰ্থন।
পূৰ্বে এক লিটাৰ গাখীৰৰ পাইকাৰী মূল্য আছিল ৫৩.৪০ টকা।
মূল্য বৃদ্ধিৰ ফলত এতিয়া প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য হ’ব ৫৭.৪০ টকা।
গ্ৰাহকে প্ৰতি লিটাৰ গাখীৰ ক্ৰয় কৰিব লাগিব ৬০ টকাত।