কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি মন্ত্ৰী হাজৰিকা


02/08/2022 13:35:17 PM   Moutushi         113







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে অসম সচিবালয় চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাই আয়োজন কৰা সন্থাৰ সদস্য পৰিয়ালৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু বিধায়ক কৌশিক ৰায়ো উপস্থিত থকা অনুষ্ঠানটোত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাই মন্ত্ৰী হাজৰিকাই তেঁওলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে |


অনুষ্ঠানটোত বক্তব্য ৰাখি মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰত্যেক বছৰৰ দৰে এই বৰ্ষও এনেদৰে কৃতি ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনাবলৈ পাই তেঁও সুখী হৈছে | ছাত্ৰ ছাত্ৰীসকলক চাকৰিমুখী ন’হবলৈ আহ্বান জনাই মন্ত্ৰী হাজৰিকাই কয় যে ডাক্তৰ, ইঞ্জিনীয়াৰ অথবা চৰকাৰী বিষয়া হোৱাৰ সমান্তৰালভাৱে আমাৰ ভাল ছাত্ৰ ছাত্ৰীসকলে শিক্ষক, খেতিয়ক অথবা ৰাজনীতিবিদ হোৱাৰ বাবেও মন মেলিব লাগে | আনহাতে কেৱল চাকৰিতেই জীৱনটোক সীমাবদ্ধ কৰি নাৰাখি যি কোনো ক্ষেত্ৰতে সু-প্ৰতিস্থিত হ’বলৈ ছাত্ৰ ছাত্ৰীসকলক মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় | ভৱিষ্যতে সমাজত সু প্ৰতিস্থিত হ’বৰ বাবে অনাগত সময়ত প্ৰয়োজন হোৱা সকলো গুণ আয়ত্ব কৰি লবলৈও মন্ত্ৰীগৰাকীয়ে কৃতি ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায় |




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Chief Guest Minister Hazarika kriti student's felicitation ceremony