কলিয়াবৰ সাহিত্য কাননৰ ৩৩ তম প্ৰতিষ্ঠা দিৱস


02/08/2022 13:37:48 PM   Moutushi         117







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
কলিয়াবৰৰ অন্যতম সাহিত্যৰ অনুষ্ঠান কলিয়াবৰ সাহিত্য কাননৰ ৩৩ তম প্ৰতিষ্ঠা দিৱসটি সোমবাৰে হাটবৰস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । দিৱসৰ লগত সংগতি ৰাখি উদ্যোক্তা সকলে কলিয়াবৰৰ ইতিহাস ৰচনাৰ পথ প্ৰদৰ্শক তথা সাহিত্যক প্ৰয়াত যোগেশ্বৰ বৰা স্মাৰক বক্তৃতানুষ্ঠানো অনুষ্ঠিত কৰে।

কাননৰ সভাপতি বিপুল চন্দ্ৰ ভট্টাচাৰ্যই সভাপতিত্ব কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত “ইতিহাসৰ আলোকত কলিয়াবৰ” শীৰ্ষক বক্তৃতা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা বিশিষ্ট লেখক সাহিত্যিক প্ৰত্নতত্ববিদ কনক চন্দ্ৰ শৰ্মাই। স্মাৰক বক্তৃতা প্ৰদান কৰি প্ৰত্নতত্ববিদ কনক চন্দ্ৰ শৰ্মাই কয় কলিয়াবৰ, ডবকা, নগাঁৱত ইতিপূৰ্বে অধিক তাম্ৰপত্ৰ উদ্ধাৰ হোৱালৈ চাই এই সমূহ তাম্ৰপত্ৰৰ গৱেষণাৰ অতি প্ৰয়োজন আছে বুলি তেওঁ দাবী কৰে। কলিয়াবৰৰ ইতিহাসত সামৰিক গুৰুত্বৰ ওপৰতো তেওঁ আলোকপাত কৰে ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Foundation Day Sahitya Kanan Koliyab