মাজবাটত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ


02/08/2022 13:40:21 PM   Moutushi         113







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
মাজবাটত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ। অস্থায়ী কৰ্মচাৰীৰ চাকৰি স্থায়ীকৰণৰ দাবীত এই প্ৰতিবাদ। সোমবাৰে মাজবাট বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত বিদুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ।

দীৰ্ঘ দিনৰ পৰা শক্তি বিভাগৰ অধীনত নিয়োজিত অস্থায়ী কৰ্মচাৰী আৰু বিদ্যুৎ বিল সংগ্ৰহকাৰী সকলে চাকৰি স্থায়ীকৰণ আৰু দৰমাহ বৃদ্ধিৰ দাবীত আন্দোলন কৰি আহিছে। কিন্তু চৰকাৰে অস্থায়ী কৰ্মচাৰী সকলৰ দাবী মানি লোৱা নাই।

ৰ’দ বৰষুণকো নেওচি দিনে-নিশাই অস্থায়ী কৰ্মচাৰী সকলে বিদুৎ সেৱা আগবঢ়াই আহিছে ৰাইজক। অসম চৰকাৰে ঘোষণা কৰা ১ লাখ চাকৰিত বিদুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলৰ অন্তৰ্ভুক্ত কৰাৰ দাবী কৰ্মচাৰী সকলৰ। বিদুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলৰ মুখলৈ আৰু পৰিয়াললৈ চাই চাকৰি স্থায়ী কৰণৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীক।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Temporary power workers protest Mazbat