বাৰ্মিংহামত ভাৰতে এটাৰ পিছত আন এটা সফলতা লাভ


03/08/2022 13:12:24 PM   Moutushi         160







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বাৰ্মিংহামত ভাৰতে এটাৰ পিছত আন এটা সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰত্তোলনত চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰখা ভাৰতে এই পৰ্যন্ত ৫ টা স্বৰ্ণ পদকসহ ৫ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদক দখল কৰিছে। মুঠ ১২ টা পদকৰ ভিতৰত কেৱল ভাৰত্তোলনতে লাভ কৰিছে ৮ টা পদক। ইয়াৰ ভিতৰত ৩ টা স্বৰ্ণসহ ৩ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক।

আনহাতে ইতিহাস সৃষ্টি কৰি ভাৰতীয় মহিলা লন বল দলটোৱে বাৰ্মিংহামত দখল কৰিলে সোণৰ পদক। ইয়াৰ পিছতে ভাৰতীয় টেবুল টেনিছৰ পুৰুষ দলটোৱে ছিংগাপুৰক পৰাস্ত কৰি দখল কৰিলে সোণৰ পদক। ৪ গৰাকী সদস্যৰে গঠিত ভাৰতীয় মহিলা লন বল দলটোৰ অন্যতম সদস্য গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ কন্যা তথা বন সুৰক্ষা কৰ্মী নয়নমণি শইকীয়া।

মুঠ ৭ গৰাকীকৈ অসমীয়া খেলুৱৈয়ে অংশগ্ৰহণ কৰা কমনৱেলথ গেমছৰ পৰা নয়নমণিয়ে প্ৰথমটো পদক কঢ়িয়াই আনিলে। উল্লেখ্যে যে ১২ বছৰ পূৰ্বে দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছত আৰ্চাৰীত অসমৰ জয়ন্ত তালুকদাৰে লাভ কৰিছিল ব্ৰঞ্জৰ পদক।

ইয়াৰ পিছত সুদীৰ্ঘ সময় অসমৰ কোনো খেলুৱৈয়ে কমনৱেলথ গেমছত লাভ কৰা নাছিল পদক। ইফালে স্বৰ্ণ পদক কঢ়িয়াই অনা নয়নমণিৰ কেৰিয়াৰৰ এইখন আছিল চতুৰ্থখন কমনৱেলথ গেমছ। ইয়াৰ পূৰ্বে তেওঁ ৩ খন কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছিল যদিও পদক লাভ কৰা নাছিল।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        India one success another Birmingham