শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ ভগ্ন মঠাউৰি অংশ পৰিদৰ্শন


03/08/2022 14:07:57 PM   Moutushi         114







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ধেমাজিৰ বান পৰিস্থিত কিছু পৰিমাণে উন্নত হোৱাৰ সময়তে মঙ্গলবাৰে ধেমাজি সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে যোৱা ৩১ জুলাইত জীয়াঢলৰ ভয়াবহ বানে উটুৱাই নিয়া কুমতীয়া সোঁপাৰৰ মঠাউৰী বগলীজান সাপেখাতি অংশ পৰিদৰ্শন কৰা পিছতে ধেমাজি উপায়ুক্ত অসীম কুমাৰ ভট্ৰাচায্য , জলসম্পদ বিভাগৰ কাৰ্য্যবাহী অভিযন্ত্ৰা বদন গোস্বামী , সহকাৰী অভিযন্ত্ৰা সুব্ৰত দাসৰ সৈতে প্ৰায় ৭০ মিটাৰ ভগ্ন মঠাউৰি অংশ পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্হিতিৰ বুজ লয় ৷

পানী শুকুৱাৰ লগে লগেই মথাউৰী মেৰামতি কৰিবলৈ জলসম্পদ বিভাগক মন্ত্ৰী গৰাকীয়ে নিৰ্দ্দেশ দিয়ে ৷ উল্লেখ্য যে জীয়াধল কুমতীয়া নদীৰ ভয়াৱহ বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা সাপেখাতি, বগলীজান, পানীয়েমেৰানী , চুতীয়াকাৰী,১ নং খনাকৃঞ্চপুৰ , ২ নং খনাকৃঞ্চপুৰ ,ভুমা , লালুকীয়া, দিহিৰি কছাৰী , দিহিৰি চাপৰি আৰু দিহিৰি লেপঙ আদি গাঁওৰ বান দুৰ্গত ৰাইজৰ খা- খবৰ লয় আৰু বানপীড়ত ৰাইজক সকলো ধৰনৰ সাহায্য, পুনৰ সংস্হাপনৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Education Minister Dr. Ranoj Pegu's broken Mathauri part inspection