04/08/2022 18:05:57 PM Moutushi 81
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বিটিআৰৰ শাসকীয় দল ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে ৷ ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত কোকৰাঝাৰৰ নিকটৱৰ্তী চন্দ্ৰপাৰাত ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিবসৰ কাৰ্যসূচী আৰম্ভ হৈছে ।
ইউপিপিএলৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী বৃক্ষৰোপণৰে শুভাৰম্ভ কৰে বিটিআৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ সাধাৰণ সম্পাদক নিলুৎ স্বৰ্গীয়াৰী আৰু বিজেপিৰ জিলা সভাপতি ৰাজকুমাৰ ব্ৰহ্মই ৷
উল্লেখ্য যে , প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি ইউপিপিএলয়ে আজি বিটিআৰৰ পাঁচখন জিলাত পাঁচ লাখ গছপুলি ৰোপণ কৰাৰ লক্ষ্য লৈছে ৷ গছপুলি ৰোপনৰ অন্তত সংবাদ মাধ্যমৰ আগত কাৰ্যৱাহী সদস্য নিলুৎ স্বৰ্গীয়াৰী আৰু কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি ৰাজ কুমাৰ ব্ৰহ্মই কয় যে বিশ্বজুৰি গোলকীয় উত্তাপ বৃদ্ধিয়ে মানৱ সভ্যতা তথা জীৱকুলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।