04/08/2022 18:08:50 PM Moutushi 1155
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
শিৱসাগৰ নগৰৰ সমীপৰ বগীদ’ল ডিমৌ জানৰ সমীপত পিতৃয়ে সন্তানক বিহ পান কৰোৱা এক কৰুণ ঘটনা সংঘটিত হৈছে । বুধবাৰে নিশা বিহ সেৱন কৰি পিতৃ মৃদুল সন্দিকৈ আৰু ৮ বছৰীয়া পুত্ৰ পিণ্টু সন্দিকৈৰ মৃত্যু মুখত পৰে।
সন্দেহ কৰা হৈছে যে তেওঁলোকে কীটনাশক দ্ৰব্য সেৱন কৰি এই চৰম সিদ্ধান্ত লয়। আন এজন ১০ বছৰীয়া পুত্ৰৰ অৱস্থা সংকটজনক। নিশা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাত অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
বৰ্তমানলৈ আত্মহত্যাৰ কাৰণ সঠিককৈ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক অশান্তিৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ সময়ত ঘৰত পত্নীসহ আন এগৰাকী কন্যা উপস্থিত নাছিল। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।