কমনৱেলথত কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লাভলীনা বৰগোঁহাইৰ


04/08/2022 18:22:24 PM   Moutushi         247







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
কমনৱেলথত কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লাভলীনা বৰগোঁহাইৰ। প্রতিপক্ষ ৰ’জী ইকলছৰ হাতত পৰাজিত হয় লাভলীনা।

প্রথম দুটা ৰাউণ্ডত লাভলীনাই লাভ কৰিছিল অগ্রগতি কিন্তু চূড়ান্ত ৰাউণ্ডত প্রতিপক্ষক প্রতিহত কৰাত ব্যৰ্থ হয় লাভলীনা ।

৭০ কেজি শাখাত ৱেলছৰ ৰজী একলেছৰ বিৰুদ্ধে খেলিছিল লাভলীনাই। প্ৰথমখন খেলত অৰ্থাৎ প্ৰি কোৱাৰ্টাৰত বাই পোৱা সূত্ৰে এইবাৰ কমনৱেলথ গেছমত এইখনেই তেওঁৰ প্ৰথম খেল আছিল ।

যোৱাবাৰ কমনৱেলথ গেমচত ৰূপৰ পদক লাভ কৰিছিল ৰজীয়ে। আঘাতৰ বাবে টকিঅ অলিম্পিক খেলিব পৰা নাছিল তেওঁ। ২০১৬ চনত ইউৰোপিয়ান চেম্পিয়নশ্বিপতো ৰূপৰ পদক লাভ কৰিছিল ৰজীয়ে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :