05/08/2022 12:07:32 PM Moutushi 46
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ভেটাপাৰাৰ গোপাল পথৰ বিষ্ণু মন্দিৰত চুৰিকাণ্ড ।
মন্দিৰৰ গ্ৰীল ভাঙি মন্দিৰৰ ভিতৰত চোৰৰ প্ৰৱেশ ।
চোৰে মন্দিৰটোৰ পৰা কি কি লুটিলে এতিয়াও নিশ্চিত হোৱা নাই ।
মূল দুৱাৰ খুলি মন্দিৰৰ ভিতৰত পূজাৰীয়ে প্ৰৱেশ কৰিলেহে পোহৰলৈ আহিব এই কথা ।
মন্দিৰৰ ভিতৰত আছিল বহু মূল্যৱান সামগ্ৰী।
এটা দান পাত্ৰত আছিল যথেষ্ট টকা।
এটা আলমিৰাত আছিল কাঁহ-পিতলৰ বাচন-বৰ্তনকে ধৰি বহুতো মূল্যৱান সামগ্ৰী।