ৰাজ্যৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকা আৰু নাই


05/08/2022 12:14:53 PM   Moutushi         1180







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ৰাজ্যৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকা আৰু নাই। ৮৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। সত্ৰীয়া আৰু ওডিছী নৃত্যৰ বিশাৰদ গৰিমা হাজৰিকাই দেশৰ বিভিন্ন স্তানত নৃত্য পৰিৱেশন কৰি সুনাম অৰ্জন কৰিছিল।

হাজৰিকাই ৰচনা কৰিছিল কেইবাখনো নৃত্য-নাটিকা। তেওঁ ৰচনা কৰা ‘চেতনা’ নামৰ নৃত্য-নাটিকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছিল বিশেষ সমাদৰ। গুৱাহাটী মহানগৰীত গৰিমা হাজৰিকাই মিতালী কলাকেন্দ্ৰ স্থাপন কৰি সত্ৰীয়া আৰু ওডিছী নৃত্যৰ প্ৰশিক্ষণ প্ৰদা কৰি আহিছিল।

বিশিষ্ট নৃত্য পটিয়সী গৰাকী আছিল অসমীয়া ছবি জগতৰ এগৰাকী চিনাকী কলা নিৰ্দেশক তথা কৰিঅ’গ্ৰাফাৰ। সেন্দূৰকে ধৰি কেইবাখনো ছবিত তেওঁ কলা নিৰ্দেশনাৰ লগতে কৰিঅ’গ্ৰাফী কৰিছিল।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Patiyasi Garima Hazarika no more prominent classical dance state