05/08/2022 12:21:47 PM Moutushi 1200
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
এক ভয়াবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ৫ জন লোকৰ। আনহাতে এই দুৰ্ঘটনাত আহত হৈছে ১১ জনকৈ লোক। ভয়াবহ এই পথ দুৰ্ঘটনা সংঘটিত হৈছে শ্ৰীনগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত। জন্মু-কাশ্মীৰৰ ৰে’ল ষ্টেচন কেলম’ৰহৰ ৰামবানত সংঘটিত হোৱা এই দুৰ্ঘটনা এখন কেব নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰাৰ বাবেই সংঘটিত হয়।
উল্লেখ্য যে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা এটা জলাশয়ত কেবখন বাগৰি পৰাৰ ফলত ৫ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে আন ১১ জন আহত হয়। আহতসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক। তেওঁলোকক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱা পথৰ পৰা জলাশয়টোৰ গভীৰতা প্ৰায় ১০০ ফুট।