05/08/2022 14:38:50 PM Moutushi 240
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
যোৱা ২৭ জুলাইৰ পৰা ২৯ জুলাইলৈ দিল্লীত অনুষ্ঠিত হোৱা ছাত্ৰ অলিম্পিক- ২০২২/২৩ প্ৰতিযোগিতাত অসমৰহৈ অংশ গ্ৰহণ কৰি কামৰূপ জিলাৰ বকোৰ দুগৰাকী ঊশ্বু খেলুৱৈয়ে সোণ আৰু ৰূপৰ পদক কঢ়িয়াই আনি গৌৰৱান্বিত কৰিছে।
জানিব পৰা মতে ৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত বাকাৰাপাৰা গাঁৱৰ জিনা হুছেইন নামৰ ঊশ্বু খেলুৱৈগৰাকীয়ে ৩৮ কেজি শাখাত অংশ গ্ৰহণ কৰি সোণৰ পদক লাভ কৰিছে । আনহাতে বকোৰ দৃষ্টিৰাণী বড়োই ৪৮কেজি শাখাত খেলি ৰূপৰ পদক লাভ কৰিছে ।
সোণৰ পদক লাভ কৰা জিনা হুছেইন বকো বাকাৰাপাৰা গাঁৱৰ জাকিৰ হুছেইন আৰু অনমণি ৰাহাং বেগমৰ কণিষ্ঠ কন্যা । ৰূপৰ পদক লাভ কৰা দৃষ্টিৰাণী বড়ো বকো কালিয়াবড়ীগাঁৱৰ ৰূপনাথ বড়ো আৰু অনিমা দাস বড়োৰ একমাত্ৰ কন্যা ।