05/08/2022 16:32:04 PM Moutushi 80
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
চিৰাঙৰ বেংতলত ভাৰতীয় ষ্টেট বেঙ্কৰ এটা পূৰ্ণাঙ্গ নতুন শাখা উদ্ধোধন কৰা হয় । সকলো আধুনিক সা-সুবিধাৰে সেৱা আগবঢ়াবলৈ সক্ষম ভাৰতীয় ষ্টেট বেঙ্ক, বেংতল বজাৰ শাখাৰ শুভ উদ্বোধন কৰে ভাৰতীয় ষ্টেট বেঙ্কৰ গুৱাহাটী ক্ষেত্ৰীয় কাৰ্য্যালয়ৰ প্ৰশাসনিক বিভাগৰ উপ মহাপ্ৰৱন্ধক শুভ কান্ত কানুনগো ই ।
বেংতল অঞ্চলত কোনো ৰাষ্ট্ৰীয়কৃত বেঙ্ক নথকাৰ বাবে এই অঞ্চলৰ ৰাইজে বিগত ৩২ বছৰ ধৰি ভাৰতীয় ষ্টেট বেঙ্কৰ এটা শাখা বেংতলত স্থাপন কৰাৰ দাবী উত্থাপন কৰি আহিছিল । অৱশেষত ভাৰতীয় স্টেট বেঙ্ক, বঙাইগাঁও ক্ষেত্ৰীয় কাৰ্য্যালয়ৰ সহকাৰী মহাপ্ৰবন্ধক গুৰুপদ হালদাৰৰ একক প্ৰচেষ্টাত ৩২ বছৰৰ মূৰত বৃহস্পতিবাৰে বেংতলত ভাৰতীয় স্টেট বেঙ্কৰ নতুন শাখা মুকলি হোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ।