05/08/2022 17:19:36 PM Moutushi 91
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
মাতৃভাষা মাধ্যমত তৃতীয় শ্ৰেণীৰ পৰাই অংক আৰু বিজ্ঞান বিষয়টো ইংৰাজীত পঢ়ুওৱাৰ সিদ্ধান্ত আৰু বিটিআৰ চুক্তিৰ ৬.৩ দফা ৰূপায়নৰ সন্দৰ্ভত বৃহস্পতিবাৰে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বড়ো সাহিত্য সভাৰ উদ্যোগত এক মতবিনিময় সভা অনুষ্ঠিত হয়।বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই সভাপতিত্ব কৰা উক্ত বৈঠকখনত বড়ো সাহিত্য সভাৰ সাধাৰন সম্পাদক প্ৰশান্ত বড়ো , এবছুৰ সভাপতি দ্বীপেন বড়ো , সাধাৰন সম্পাদক খনীন্দ্ৰ বসুমতাৰী প্ৰমুখ্যে বহু সংখ্যক বুদ্ধিজীৱি ,চিন্তাবিদ, নাগৰিক উপস্থিত থাকে ৷
বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত বড়োৱে চৰকাৰে মাতৃভাষা মাধ্যমৰ ক্ষেত্ৰত ৫০/৫০ ধাৰণাটো ক’ৰ পৰা আনিলে বুলি প্ৰশ্ন উত্থাপন কৰি পূৰ্বতে বড়োসকলে ডিভাইড আছাম ৫০/৫০ বুলি শ্লোগান দিছিল। সেয়া অনুসৰণ কৰিয়ে অসমীয়া/ বড়ো মাধ্যমত আধা ইংৰাজী , আধা অসমীয়া বা বড়ো অৰ্থাৎ ৫০/৫০ কৰিব বিচাৰিছে নেকি বুলি তীৰ্যকভাৱে মন্তব্য কৰে। অসমীয়া জাতি জীয়াই থাকিবলৈ হ’লে ভাষা লাগিব আৰু বড়ো জাতি জীয়াই থাকিবলৈ হ’লেও ভাষা লাগিব বুলি মন্তব্য কৰি ভাষা আৰু জাতিৰ পৰিচয় হেৰুৱাই আমাক আইএএচ বা এচিএচ বিষয়া নালাগে বুলি মন্তব্য কৰিছে প্ৰশান্ত বড়োৱে। আজিৰ আলোচনাত বুদ্ধিজীৱি , চিন্তাবিদসকলে দিয়া পৰামৰ্শ চৰকাৰক অৱগত কৰোৱা হ’ব আৰু চৰকাৰে সেয়া মানি নললে প্ৰতিবাদ সাৱস্থ্য কৰা হব বুলি সদৰি কৰিছে বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত বড়োৱে ।