"অসম জেহাদীৰ ঘাটিত পৰিণত হৈছে"- হিমন্ত বিশ্ব শৰ্মা


05/08/2022 17:21:44 PM   Moutushi         1354







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অসম জেহাদীৰ ঘাটিত পৰিণত হৈছে। এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনচাৰো ইছলামসহ ৬জন বাংলাদেশৰ নাগৰিকে অসমত প্ৰৱেশ কৰি এই কাৰ্যকলাপ অব্যাহত ৰাখিছে। ইয়াৰে এজনক চলিত বৰ্ষৰ মাৰ্চ মাহত বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

মুছলমান যুৱকসকলক বাহিৰৰ পৰা অহা ইমামে ব্যক্তিগত খণ্ডৰ মাদ্ৰাছাৰ জড়িয়তে এনে জেহাদীৰ কাৰ্যকলাপ চলাবলৈ প্ৰৰোচিত কৰি আহিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে জেহাদীৰ গতিবিধি উগ্ৰপস্থীৰ গতিবিধিৰ পৰা কিছু পৃথক।

লগতে তেওঁ জানিবলৈ দিয়ে, “এতিয়ালৈ এজন বাংলাদেশীক হে গ্ৰেপ্তাৰ কৰা হৈছে। লগতে সকলোলৈ মোৰ অনুৰোধ যে ৰাজ্যৰ যিকোনো প্ৰান্তৰ কোনোবা মাদ্ৰাছাৰ লগত জড়িত বা ইমামৰ পৰিচয় পালে ওচৰৰ আৰক্ষী চকীত শীঘ্ৰেই খবৰ দিয়ক।“




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Assam become jihadi base Himanta Biswa Sharma