কাকপথাৰৰ অংগনৱাড়ী কেন্দ্ৰত ভয়ংকৰ পৰিস্থিতি


06/08/2022 10:23:18 AM   Moutushi         59







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যলয়ৰ অন্তৰ্গত ন-মাইথং অংগনৱাড়ী কেন্দ্ৰত শুকুৰবাৰে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় । শিশুৰ বাবে ৰন্ধন কৰা খাদ্যত গাখীৰ বুলি ফ্ল’ৰ ফেনাইল মিলাই সেই খাদ্য খাই অসুস্থ হৈ চিকিৎসাধীন হ’বলগা হয় ১০ টাকৈ কণ কণ শিশু । ইয়াকে কেন্দ্ৰ কৰি অঞ্চলটোত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । হুৱা-দুৱা লাগে অভিভাৱকৰ মাজত ।

জানিব পৰা মতে সম্প্ৰতি অংগনৱাড়ী কেন্দ্ৰসমূহত পালন কৰি অহা স্তনপান সপ্তাহ উপলক্ষ্যে অন্যান্য কেন্দ্ৰসমূহৰ দৰে কালিৰ দিনটোত ন-মাইথং অংগনৱাড়ী কেন্দ্ৰত এক সজাগতা সভাৰ আয়োজন কৰা হৈছিল। সভাত ১০ টি কণ কণ শিশুৰ লগতে তেওঁলোকৰ অভিভাৱকসকল উপস্থিত আছিল। অনুষ্ঠানটো অব্যাহত থকাৰ মাজতে শিশুসকলৰ বাবে খাদ্য প্ৰস্তুত কৰিবলৈ আগবাঢ়ি আহে দুগৰাকী অভিভাৱক। দুয়ো শিশুসকলৰ বাবে খাদ্য প্ৰস্তুত কৰিবলৈ চুজি আৰু গাখীৰৰ পাতল আহাৰ তৈয়াৰ কৰাত ব্যস্ত হয় । তেতিয়াই ঘটিল এক অথন্তৰ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Dire situation Anganwadi centre Kakpathar