নগা চেং আৰু চেঙেলী মাছ জব্দ


06/08/2022 10:25:11 AM   Moutushi         70







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
মেচাৰ্চ ডিব্ৰু-ডাঙৰী ৰিভাৰ পাৰ্ট ৱান মীন মহলটোৰ হৈ যোৱা ৪ আগষ্টত গুঁইজানৰ সঞ্জয় দাস নামৰ লোকজনৰ এজাহাৰৰ ভিত্তিত গুঁইজান আৰক্ষীয়ে শুকুৰবাৰে নিশাৰ ভাগত অভিযান চলায়। এই অভিযানত গুঁইজান ৫ নম্বৰৰ বাসিন্দা যদু চৰকাৰৰ ঘৰৰ পৰা মুঠ ৬৭ টা দুস্প্ৰাপ্য তথা বিৰল প্ৰজাতিৰ নগা চেং আৰু চেঙেলী মাছ জব্দ কৰে ।

অভিযোগ অনুসৰি যদু চৰকাৰ আৰু তেওঁৰ ভাতৃ শ্রীধাম চৰকাৰে সুদীৰ্ঘকাল ধৰি চোৰাং তথা অবৈধভাৱে এইধৰণৰ অলংকাৰিত (ornamental fish) মাছ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহি:ৰাজ্যলৈও প্ৰেৰণ কৰি আহিছে । জানিব পৰা মতে এই অলংকাৰিত মাছসমূহ সৌন্দৰ্যবৰ্ধনৰ বাবে একুৰিয়ামত ব্যৱহাৰ কৰাৰ সমান্তৰালভাৱে গৱেষণাৰ বাবেও ব্যৱহৃত হৈ আহিছে । তদুপৰি ঔষধ প্ৰস্তুতৰ বাবেও বিদেশৰ বজাৰত ইয়াৰ যথেষ্ট সমাদৰ আছে । সেয়ে ইয়াৰ মূল্যও মুকলি বজাৰতকৈ অত্যাধিক ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Naga Seng Chengali fish seized