ভিচনগৰত ১৪ বছৰীয়া কিশোৰীৰ মৃত্যু


06/08/2022 10:29:11 AM   Moutushi         1017







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
শুকুৰবাৰে গুজৰাটৰ মেহছানা জিলাৰ ভিচনগৰত চাইকেল চলাই থকা অৱস্থাত নলাত পৰি এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ মৃত্যু হয়। জিয়া নাই নামৰ কিশোৰী গৰাকী স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে নলাত পৰি মৃত্যু মুখত পৰে। নলাটো মুকলি আছিল বুলি জানিব পৰা গৈছে।

ভিশনগৰ পৌৰসভাৰ এজন বিষয়াই কয় যে বৰষুণৰ পিছত ৰাস্তাটো পানীৰে ভৰি পৰিছিল যাৰ বাবে তেওঁ নলাটো দেখা নাপালে আৰু ততা পৰি যায়।

ঘটনাৰ কিছু সময় পাছতেই কিশোৰী গৰাকী উদ্ধাৰ কৰি হস্পতাললৈ লৈ যোৱা হৈছিল যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হৈছিল।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        14year old girl dies Visnagar