নবজ্যোতি ওজাক এম্বুলেন্স অৰ্পণ


06/08/2022 11:57:59 AM   Moutushi         65







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
চিৰাঙৰ ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰে ইয়াৰ সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে ওচৰৰ জনগোষ্ঠী সমূহৰ উন্নয়নৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। ইণ্ডিয়ান অইলৰ মূল মূল্য “কেয়াৰ”ৰ লগত সংগতি ৰাখি বঙাইগাঁও শোধনাগাৰে নিতি আয়োগে চিনাক্ত কৰা মতে বৰপেটাক আকাংক্ষিত জিলা হিচাপে গ্ৰহণ কৰিছে ।

বি জি আৰে বৰপেটা জিলাক আজি দুখন বি এল এছ এম্বুলেন্স, মেট্ৰেছৰ সৈতে হাস্পতালৰ বিচনা, ডেলিভাৰী বেড , মেট্ৰেছৰ সৈতে টেবুল, হুইল চেয়াৰ তথা জৰুৰীকালীন উদ্ধাৰ ট্ৰলীসহ প্ৰায় ৯৪.১৮ লাখ টকাৰ চিকিৎসা সেৱাত সহায়ক সামগ্ৰী প্ৰদান কৰে। বঙাইগাঁও শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক তথা আৰু শোধনাগাৰ মুৰব্বী নয়ন কুমাৰ বৰুৱাই বৰপেটাৰ জিলা উন্নয়ন আয়ুক্ত নবজ্যোতি ওজাক শুকুৰবাৰে এম্বুলেন্স সমূহ আনুষ্ঠানিক ভাবে অৰ্পণ কৰে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Navjyoti Ozak Ambulance Assign