“চম্পাৱতীৰ কথাৰে” শীৰ্ষক নৃত্য নাটিকা


13/08/2022 19:22:46 PM   Moutushi         988







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অভিজ্ঞানম নৃত্যম মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰতিভাসম্পন্ন শিল্পী কৌশিক কুমাৰ সন্দিকৈৰ পৰিকল্পনা আৰু পৰিচালনাৰে অসমত পোন প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হয় ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু” গ্ৰন্থত উল্লেখ থকা ‘চম্পাৱতী’ সাধুৰ আধাৰত সত্ৰীয়া নৃত্য শৈলীত “চম্পাৱতীৰ কথাৰে” শীৰ্ষক নৃত্য নাটিকা ।


কেইবাটাও মাহধৰি চলোৱাৰ প্ৰচেষ্টাৰ অন্তত পৰিৱেশ্য কলা বিষয়ৰ স্নাতকোত্তৰ কৌশিক কুমাৰ সন্দিকৈয়ে “চম্পাৱতী”ৰ নাট্য ৰূপ দিয়ে ৷ অভিজ্ঞানম কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী সকলক নৃত্য গীতৰ প্ৰশিক্ষণ দি এক প্ৰকাৰে পৈনত কৰি তুলে ৷ শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ‘চম্পাৱতী’ সত্ৰীয়া নৃত্য শৈলীৰে শিৱসাগৰ যুৱদলত মঞ্চস্থ কৰে ৷ ন ৰূপত ব্যতিক্ৰমী প্ৰচেষ্টাৰে প্ৰদৰ্শন কৰা চম্পাৱতীয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰে ৷




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :