অতীত হ’ব জনছন বেবী পাউদাৰ


13/08/2022 19:29:57 PM   Moutushi         25







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অতীত হ’ব জনছন বেবী পাউদাৰ। মানুহৰ মুখে মুখে আছিল এই পাউদাৰৰ নাম। কিন্তু হঠাৎ জনছনে সিদ্ধান্ত লৈছে উতপাদন নকৰে বিশ্বজুৰি সৰ্বাধিক ব্যৱহাৰ কৰা এই পাউদাৰবিধ। ঘৰত শিশু জন্ম হ’লেই এটা চিনাকি নাম হৈ পৰে জনছন বেবী। আমেৰিকা আৰু কানাডাত ২০২০তেই এই পাউদাৰ বিধৰ ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। তাৰ পাছত ২০২৩ত সমগ্ৰ বিশ্বতেই ইয়াৰ বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই পাউদাৰ ব্যৱহাৰ কৰিলে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি বুলি এক গৱেষণাত প্ৰকাশ কৰাৰ পাছতে পাউদাৰত থকা ৰাসায়নিক দ্ৰব্যক লৈ উদ্বেগ ব্যক্ত কৰিছিল আমেৰিকাৰ বিজ্ঞানীয়ে। তাৰ পাছতেই পাউদাৰবিধৰ ব্যৱহাৰক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। পাউদাৰ বিধত আছে প্ৰাকৃতিকগতভাৱে পোৱা চিলিকেট নামৰ মিনাৰেল। যি শৰীৰৰ বাবে হানিকাৰক।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20181
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :