১০ টকাৰ ঔষধ বিক্রি হয় ১৯০ টকাত


23/08/2022 13:16:08 PM   Moutushi         28







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
চিকিৎসকে লিখি দিয়া ঔষধ কিনি খোৱালৈকে সকলো ঠিকে আছে ৷ ৰোগৰ তাৰনাৰ পৰা ৰক্ষা পাবলৈ যেনেকৈ নহওঁক ঔষধ কিনি খাব লাগিব ৷ ধন নাথাকিলে আনৰ পৰা ঋণলৈ লৈ হ’লেও ঔষধ খাব লাগিব ৷ ৰোগত প্ৰয়োজনীয় ঔষধ নাখালে হিতে বিপৰীত হোৱাৰ সম্ভৱনা অধিক ৷

চাঞ্চল্যকৰ বিষয় এই যে, আপোনাৰ মোৰ শাৰীৰিক অসুস্হতাৰ সুবিধা লৈ, জীৱনক লৈ লুন্ঠন চলাই আহিছে ঔষধ বিক্ৰেতাসকলে ৷ এই লুন্ঠনৰ বিষয় কাৰোৰে বোধগম্য নহয় ৷ ঔষধ বিক্ৰেতাই ইমানে লুন্ঠন চলাই যে, ৰোগীয়া লোক এজন আৰ্থিক ভাবে দৰিদ্ৰ হৈ পৰিব পাৰে ৷ বিপৰীয়ে ঔষধ বিক্ৰেতা দিনে দিনে বিত্তশালী হৈ উঠে ৷

ঔষধ বিক্ৰেতাই এজন লোকক কেনেকৈ টেটু চেপা দি লুটে সেই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ ভয়ংকৰ ভাবে সাধাৰন লোকক ঔষধ বিক্ৰিৰ নামত মৃত্যুৰ লগত খেল খেলে ঔষধ বিক্ৰেতাই ৷ মৃত্যুৰ পৰা ৰক্ষা পাবলৈ আপুনি মই কোনেও আপত্তি নকৰাকৈ ধন দি ঔষধ কিনো ৷ তাৰে সুযোগ গ্ৰহণ কৰে ঔষধ বিক্ৰেতাই ৷

ESPROT-SG নামৰ কেপচুলটো বজাৰত কিনিব লগা হয় ১৯০ টকাত ৷ কেপচুলটোত এম আৰ পি লিখা থাকে ১৯০ টকা ৷ প্ৰতিযোগিতাৰ বজাৰত কোনো বিক্ৰেতাই হয়টো এজন লোকক ১০ শতাংশ ৰেহাইত এই ঔষধটো বিক্ৰি কৰিব পাৰে ৷ কিন্তু বিক্ৰেতাজনে এই ঔষধটো পাইকাৰী ঔষধ বিক্ৰেতাৰ পৰা কিমানত ক্ৰয় কৰে জানিলে আচৰিত হ’ব ৷


অনুসন্ধানত পোহৰলৈ অহা মতে এই ঔষধটোৰ পাইকাৰী মূল্য মাত্ৰ ১৬ টকা ৫০ পইচা ৷ পাইকাৰী দামতকৈ খুচুৰা বিক্ৰেতাই ১৭৩ টকা ৫০ পইচা বেছিকৈ এজন লোকক বিক্ৰি কৰে ৷ পাইকাৰী বিক্ৰতাই মাত্ৰ ১৬.৫০ টকাত খুচুৰা বিক্ৰেতাক বিক্ৰি কৰা এই কেপচুল ঔষধ নিৰ্মাণ কৰা কোম্পানীয়ে পাইকাৰী ব্যৱসায়ীক ১০ টকাৰ পৰা ১২ টকাৰ ভিতৰত বিক্ৰি কৰে ৷




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Medicines worth Rs 10 sold Rs 190