অবৈধ বালি ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বকোৰ বিধায়িকা নন্দিতা


28/08/2022 18:45:50 PM   Moutushi         23







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
কামৰূপ জিলাৰ বকোত চলি থকা অবৈধ বালি ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বকোৰ বিধায়িকা নন্দিতা দাসে । জানিব পৰা মতে, বনবিভাগৰ পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকাৰণ বিষয়াৰ কাৰ্যালয় আৰু শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বকোৰ শিংৰা নদীৰ পৰা অবৈধ ভাবে বালি খনন কৰি সৰবৰাহ কৰাৰ কথা বকোৰ বিধায়িকা নন্দিতা দাসক ভালাপাৰা গাঁৱৰ ৰাইজে অৱগত কৰে । শিংৰা নদীৰ ভালাপাৰা ঘাটৰ পৰা মেচিনেৰে বালি খনন কৰি অহৰহ বালি সৰবৰাহ কৰাৰ ফলত নৈখনত কোটি কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা শিংৰা জলসিঞ্চন প্ৰকল্পৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে বুলিও ৰাইজে বিধায়ক গৰাকীক জনায় । এই সন্দৰ্ভত ভালাপাৰাগাঁৱৰ ৰাইজে ইতিমধ্যে বহুবাৰ শিংৰা বনাঞ্চলিক বিষয়াৰ উপৰিও পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকৰণ বিষয়াক জনোৱাৰ পিছতো বালি বেপাৰীৰ বিৰুদ্ধে কোনোধৰণ বিহীত ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে বিধায়িকাগৰাকীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ বাধ্য হয় । গাঁৱখনৰ ৰাইজৰ অভিযোগৰ ভিত্তিত বকোৰ বিধায়িকা নন্দিতা দাসে অবৈধ বালি ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20181
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :