এটকাও দিব নলগাকৈ এই বৃহৎ সংখ্যক ল’ৰা ছোৱালীয়ে চাকৰি পাব-পীয়ুষ হাজৰিকা


28/08/2022 18:56:51 PM   Moutushi         5401







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
”এটকাও দিব নলগাকৈ এই বৃহৎ সংখ্যক ল’ৰা ছোৱালীয়ে চাকৰি পাব ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ই সম্ভৱ হৈছে” -নগাঁৱত এই বক্তব্য আগবঢ়াই জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ নগাঁৱত মন্ত্ৰী হাজৰিকাই কয় যে আগন্তুক দিনত আৰু চৰকাৰী চাকৰিত নিয়ুক্তি দিয়া হ’ব ৷ চৈধ্য লাখ যুৱক-যুৱতীয়ে একেলগে নিয়াৰিকৈ চাকৰিৰ বাবে পৰীক্ষা দিছে ৷ সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাটো মুখ্যমন্ত্ৰীৰ বাবে সম্ভৱ হৈছে ৷

নগাঁৱত দেওবাৰে লোকসভা প্ৰৱাস যোজনাৰ সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই লগতে কয় যে ২০২৪ বৰ্ষত অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচনৰ বাবে বিজেপি সাজু হৈ উঠিছে ৷ নগাঁও , কলিয়াবৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী কিৰন ৰিজিজুক প্ৰভাৰীৰ দায়িত্ব দিয়াৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই তিনিওখন আসনতে বিজেপিয়ে আগন্তক নিৰ্বাচনত বিজয়ি হ’ব বুলি মন্তব্য কৰে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20181
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :