চোৰাং বেহাক লৈ এইবাৰ সৰব হৈছে চোৰাং ব্যৱসায়ী চক্ৰ


29/08/2022 15:41:09 PM   Moutushi         20







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বন্যপ্ৰানী আইনক অংগুষ্ঠ প্ৰদৰ্শনৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰত অধুনালুপ্ত থলুৱা মাছৰ চোৰাং বেহাক লৈ এইবাৰ সৰব হৈছে চোৰাং ব্যৱসায়ী চক্ৰ ৷ দুষ্প্ৰাপ্য পিপলি চেং (ছানা বৰকা)মাছৰ অবৈধ সৰবৰাহত জড়িত এজন লোকক কলিয়াবৰৰ জখলাবন্ধাত স্থানীয় ৰাইজৰ সহযোগত কাজিৰঙা বন বিভাগে নিশা গ্ৰেপ্তাৰ কৰিছে ৷

বোকাখাটৰ পৰা গোপনে এঘাৰটা পিপলি চেং মাছ তেজপুৰলৈ বুলি সৰবৰাহ কৰি জখলাবন্ধাত নিশা উপস্থিত হোৱাৰ সময়তে সন্দেহ জনক অৱস্থাত স্থানীয় ৰাইজে মহম্মদ মাৰপ আলী নামৰ ব্যৱসায়ীজনক আটক কৰি কাজিৰঙাৰ বুঢ়াপাহৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীক চমজাই দিয়ে ৷ ইয়াৰ পিছতে দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দুই নং শিয়ালমাৰী নিৱাসী মহম্মদ মাৰপ আলীৰ বিৰুদ্ধে বন্যপ্ৰানী সুৰক্ষা আইনৰ অধীনতএটা গোচৰ ৰুজু কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে ৷




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20181
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :