গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত দুজন ব্যক্তিক গড়ঁৰ খৰ্গসহ আটক


31/08/2022 13:35:26 PM   Moutushi         11







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
গোপন সূত্ৰৰ পম খেদি বোকাখাত আৰক্ষীয়ে মঙলবাৰে গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত দুজন ব্যক্তিক গড়ঁৰ খৰ্গসহ আটক কৰে ৷ বোকাখাত আৰক্ষীৰ এই অভিযানৰ সময়ত বোকাখাতৰ ম’হমাইকী গাওঁৰ নিজা বাসগৃহৰ পৰা ভক্ত বাহাদুৰ থাপা নামৰ এজন লোকক আটক কৰে ৷

ধৃত লোকজনৰ ঘৰত চলোৱা তালাচীৰ সময়ত অভিযানকাৰী আৰক্ষীৰ দলে মোনাত লুকুৱাই থোৱা এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত ধৃত ভক্ত বাহাদুৰ থাপাৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে অভিযান চলায় বোকাখাত আমটেঙা গাওঁ নিৱাসী বোধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তেক গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়়িত থকাৰ অপৰাধত আটক কৰে ৷




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20181
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :