১ ছেপ্টেম্বৰ ৰ পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য


01/09/2022 12:11:59 PM   Moutushi         14







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
দেশত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। ইয়াৰ মাজতেই আহিছে এটা ভাল খবৰ। ১ ছেপ্টেম্বৰ ৰ পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য। এলপিজি চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰা হৈছে। অৱশ্যে, মূল্যৰ এই হ্ৰাস কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰতহে কৰা হৈছে। আনহাতে ঘৰুৱা এলপিজি ১৪.২ কিলোগ্ৰাম পূৰ্বৰ দামতে বিক্ৰী হৈ আছে।

১ ছেপ্টেম্বৰৰ পৰা দিল্লীত ইণ্ডিয়ানৰ ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা, কলকাতাত ১০০ টকা, মুম্বাইত ৯২.৫০ টকা, চেন্নাইত ৯৬ টকালৈ হ্ৰাস পাইছে। এনে ধৰণৰ মূল্য হ্ৰাস প্ৰায় দেশৰ কেইবাখনো ৰাজ্যত হৈছে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20181
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Gas cylinder prices cut September