এছিয়া কাপ ২০২২ৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ আজি দ্বিতীয়খন খেল


04/09/2022 13:54:07 PM   Moutushi         517







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
এছিয়া কাপ ২০২২ৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ আজি দ্বিতীয়খন খেল। দুয়োপক্ষৰ মাজত প্ৰথমখন খেল ২৮ আগষ্টত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল য’ত ভাৰতে অন্তিম অভাৰৰ থ্ৰিলাৰত পাকিস্তানৰ চিৰপ্ৰতিদ্বন্দীসকলক ৫ উইকেটত পৰাস্ত কৰিছিল।

ভাৰতে লীগ পৰ্যায়ৰ দ্বিতীয় খন খেলত হংকংক পৰাস্ত কৰি গ্ৰুপ এৰ পৰা চুপাৰ ৪ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম দল হিচাপে পৰিগণিত হয়। আনহাতে, পাকিস্তানে তেওঁলোকৰ দ্বিতীয়খন খেলত হংকংক ১৫৫ ৰাণত পৰাস্ত কৰি চুপাৰ৪ ৰ বাবে যোগ্যতা অৰ্জন কৰে।

আজি অনুষ্ঠিত হ’বলগীয়া খেলখন ভাৰতীয় সময় মতে সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ’ব আৰু টছ ভাৰতীয় সময় মতে সন্ধিয়া ৭:০০ বজাত অনুষ্ঠিত হ’ব। দুয়োপক্ষই আকৌ এবাৰ এছিয়া কাপ ২০২২ৰ ফাইনেলত খেলিবলৈ পাব, যদিহে দুয়োটি দলে চুপাৰ ৪ পৰ্যায়ত তেওঁলোকৰ ৩ খন খেলৰ ২ খনত জয়লাভ কৰে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :