বিপদত পৰিছে নেপাল ক্ৰিকেট দলৰ অধিনায়ক তথা উদীয়মান তাৰকা লেগ স্পিনাৰ সন্দীপ লামিচানে


09/09/2022 11:22:58 AM   Moutushi         402







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বিপদত পৰিছে নেপাল ক্ৰিকেট দলৰ অধিনায়ক তথা উদীয়মান তাৰকা লেগ স্পিনাৰ সন্দীপ লামিচানে। এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ ধৰ্ষণৰ অভিযোগত নাম সাঙোৰ খাই উঠাৰ পিছত বিতৰ্কৰ মাজত সোমাই পৰা লামিচানেৰ গ্ৰেপ্তাৰৰ বাবে আজি পাৰোৱানা জাৰি কৰিছে নেপালৰ এখন আদালতে।

চলিত সপ্তাহৰ আৰম্ভণিতে এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে খেলুৱৈগৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। কিশোৰী গৰাকীৰ ভাষ্যৰ ভিত্তিত অভিভাৱকে দাবী কৰিছিল যে যোৱা মাহত কাঠমাণ্ডুৰ এখন হোটেলৰ কোঠাত লামিচানেই কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20183
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :