টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দল


13/09/2022 12:41:53 PM   Moutushi         303







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বি চি চি আইয়ে ঘোষণা কৰিলে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলটো। ভাৰতীয় নিৰ্বাচকে দলটোত মুঠ ১৫ জন খেলুৱৈক নিৰ্বাচিত কৰিছে। ৰোহিত শৰ্মাক অধিনায়ক আৰু কে এল ৰাহুলক উপ-অধিনায়ক হিচাপে লৈ গঠন কৰা দলটোত পেচ বলাৰ মহম্মদ ছামিক ষ্টেণ্ড বাই খেলুৱৈ হিচাপে ৰখা হৈছে।

উল্লেখ্য যে অহা অক্টোবৰ-নৱেম্বৰ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব টি-২০ প্ৰতিযোগিতাখন। প্ৰতিযোগিতাৰ বাবে ঘোষিত ভাৰতীয় দলটোলৈ য়ৰ্কাৰ কিয় যশপ্ৰীত বুমাৰহ উভতি অহা বিষয়টোৱে বহুতকে আনন্দিত কৰিছে। বুমৰাহৰ অনুপস্থিতিয়ে ভাৰতীয় দলটোক এছিয়া কাপত দুৰ্বল কৰি তোলা বুলি বহুতেই ধাৰণা কৰিছিল। এতিয়া বুমৰাহৰ উপস্থিতিয়ে বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতীয় দলটোক শক্তিশালী কৰি তুলিব বুলি ধাৰণা কৰা হৈছে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20182
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :