14/09/2022 13:49:00 PM Moutushi 3319
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
পশ্চিমবংগত মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে বি জে পিয়ে হাতত লৈছিল নাবান্না শীৰ্ষক প্ৰতিবাদী যাত্ৰাৰ কাৰ্যসূচী। সচিবালয় উদ্দেশ্যে প্ৰতিবাদকাৰী সকল আগবাঢ়ি যাওতে আৰক্ষীয়ে বাধা দিয়ে। বিভিন্ন প্ৰান্তৰ পৰা বিজেপি সমৰ্থক সকল মঙলবাৰে ৰাতিপুৱা কলকাতা আৰু চুবুৰীয়া হাওৰাত উপস্থিত হৈছিলহি।
পশ্চিম বংগৰ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল বি জে পিয়ে। প্ৰতিবাদী যাত্ৰা কৰি থকা সময়ত পশ্চিমবংগৰ বি জে পি সভাপতি সুভেন্দু অধিকাৰীকে ধৰি কেইবাজনো বিজেপি নেতাক আৰক্ষীয়ে আটক কৰে।