নিযুক্তি কেলংকাৰীৰ ভয়াবহ তথ্য উন্মোচনঃ উকা উত্তৰ বহী জমা দিয়া পৰীক্ষাৰ্থীয়ে পালে চাকৰি


14/09/2022 14:15:42 PM   Moutushi         2361







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
এনে অভিযোগত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে জুৰীয়াৰ এজন যুৱকৰ আন এক অভিযোগে এতিয়া সকলোৰে চকু কপালত তুলিছে। আমিনুল হক নামৰ যুৱকজনে নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছতে ফেচবুকৰ জৰিয়তে অভিযোগ কৰিছিল উকা অ' এম আৰ শ্বীট জমা দিছিল তেওঁৰ পৰীক্ষা কেন্দ্ৰৰ এজন যুৱকে।

আশ্চৰ্যজনক ভাৱে শেহতীয়াকৈ প্ৰকাশ পোৱা উক্ত নিযুক্তি পৰীক্ষাৰ ফলাফলত উকা অ' এম আৰ শ্বীট জমা দিয়া সেই যুৱকজনে লাভ কৰিছে চৰকাৰী চাকৰি। উল্লেখ্য যে সোমবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল স্বাস্থ্য বিভাগৰ এক নিযুক্তি পৰীক্ষাৰ ফলাফল।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20181
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :