কেন্দ্ৰীয় কেবিনেটে ল'লে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত


15/09/2022 18:22:34 PM   Moutushi         1665







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে ল'লে ৫ খন ৰাজ্যৰ ১২ জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত। চত্তিশগড়, কৰ্ণাটক, তামিলনাডু, হিমাচল আৰু উত্তৰ প্ৰদেশৰ ১২ জনগোষ্ঠীয়ে লাভ কৰিলে এতিয়াৰে পৰা জনজাতিকৰণৰ সুবিধা।

এই সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত সকলোৱে আদৰি লোৱাৰ পাছতেই অসমত পৰিলক্ষিত হ'ল ক্ষোভৰ। ৰাজ্যখনৰ ৬টা কৈ জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী জনাই অহাৰ পাছতো কেবিনেটত উত্থাপন নহ'ল এই সন্দৰ্ভত কোনো আবেদনৰ। ইয়াৰ পাছতেই দেখিবলৈ পোৱা যায় এই ৬ জনগোষ্ঠীৰ ক্ষোভৰ বহিৰ্প্ৰকাশ। কেন্দ্ৰই পুনৰ এবাৰ জনজাতিকৰণৰ নামত এলাগী কৰি ৰাখিলে অসমক বুলি অভিযোগ তুলে ৰাজ্যখনৰ জাতীয় সংগঠন সমূহে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20181
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :