দিল্লীত চৰকাৰ গঠন হ'লে বিহাৰৰ লগতে অন্য ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যদা দিয়া হ'ব: নীতিশ কুমাৰ


16/09/2022 14:43:29 PM   Moutushi         1702







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডি(ইউ)ৰ নেতা নীতিশ কুমাৰে বৃহস্পতিবাৰে কয় যে কেন্দ্ৰত চৰকাৰ গঠন হ'লে বিহাৰকে ধৰি সকলো পিছপৰা ৰাজ্যক বিশেষ শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা হ'ব। পাটনাৰ সংবাদ ভৱনত মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰামীণ সৌৰ পথৰ পোহৰ যোজনাৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে। লগতে কয় যে দলে সদায় বিহাৰৰ বাবে বিশেষ শ্ৰেণীৰ মৰ্যাদা দাবী কৰি আহিছে।

নীতিশ কুমাৰে কয় যে প্ৰধানমন্ত্ৰী পাটনালৈ অহাৰ পিছতো তেওঁ বিহাৰৰ বাবে বিশেষ মৰ্যাদা দাবী কৰিছিল কিন্তু প্ৰধানমন্ত্ৰীয়ে সেই দাবী মানি নল'লে। বিহাৰক বিশেষ মৰ্যাদা দিলে ৰাজ্যখন আৰু অধিক বিকশিত হ'লহেঁতেন বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

 নীতিশ কুমাৰে প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি কয় যে চৰকাৰে কেৱল কথাহে কয় কাম নকৰে। কিন্তু বিহাৰৰ বিকাশৰ বাবে সকলো ধৰণৰ কামেই কৰি আছে নীতিশ কুমাৰে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20181
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :